মহৎলোকৰ বানী
1) কৰ্মই উপাসনা হাঁহিয়েই জীৱন - বিষ্ণুপ্ৰসাদ ৰাভা
2) ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
3) স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু - মহাত্মা গান্ধী
4) শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন - ৰাজা ৰামমোহন ৰায়
5) আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ - ৰাজা ৰামমোহন ৰায়
6) কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে - এইচ. মেনন
7) খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব, অহংকাৰ নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা - স্বামী বিবেকানন্দ
8) ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা - ৰবীন্দ্ৰনাথ ঠাকুৰ
9) কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে - ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
10) আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। - গুৰু নানক
11) গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু । - ৰোচেন ক্ৰেজ
12) নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়। - ৰবীন্দ্ৰনাথ ঠাকুৰ
13) শিক্ষা জাতিৰ মেৰুদণ্ড এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অবৰুদ্ধ হয়। - ৰাজা ৰামমোহন ৰায়
14) মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। - স্বামী বিবেকানন্দ
15) শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। - জৱাহৰলাল নেহৰু
16) শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ। - জৰ্জ ৱাশ্বিংটন
17) এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। - মাদাৰ টেৰেছা
18) চৰিত্ৰ গঠন কৰাই হ'ল শিক্ষাৰ উদ্দেশ্য । - হাৰ্চলি
19) সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ । - ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ
20) অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। - চক্ৰেটিছ
21) আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। - চক্ৰেটিছ
22) ৰুটি আৰু মদ শেষ হৈ যায়, প্ৰিয়াৰ চকু ঘোলা হৈ পৰিব কিন্তু কিতাপ হ'ল অনন্ত যৌৱন ৰূপে থাকি যাব যদিহে এখন মহৎ কিতাপ হয়। - ওমৰ খায়াম
23) জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই - আনন্দ চন্দ্ৰ আগৰৱালা
24) যেতিয়ালৈকে মানৱ আত্মাক শক্তিশালী কৰিব নোৱাৰি তেতিয়ালৈকে শিক্ষা সম্পূৰ্ণ নহয়। - মহাত্মা গান্ধী
25) কৃতকাৰ্য হ'বলৈ হলে তোমাৰ ভীষণ অধ্যাৱসায় আৰু প্ৰৱল ইচ্ছা শক্তি থাকিব লাগিব। - স্বামী বিবেকানন্দ
26) যিসকলে স্বাধীনতাক ভাল পাওঁ বুলি কয় অথচ আন্দোলনৰ বিৰোধিতা কৰে, তেওঁলোক হ'ল বিজুলী-ঢেৰেকণি নোহোৱাকৈ বৰষুণ বিচৰা মানুহ। তেওঁ লোকে সাগৰ বিচাৰে , কিন্তু সাগৰৰ জলৰাশিৰ গৰ্জন নিবিচাৰে । - ফ্ৰেডেৰিক ডগলাছ
27) মহৎ মনবোৰে নতুন ধাৰণাৰ কথা পাতে, মজলীয়া মনবোৰে ইভেন্টৰ কথা পাতে আৰু সৰু মনবোৰে পাতে মানুহৰ কথা । - এলেনোৰ ৰুছভেল্ট
28) জীৱনৰ সমস্ত কলাৰে, শ্ৰেষ্ঠ কলা হৈছে ভালদৰে জীয়াই থাকিব জনাটো। - মহাত্মা গান্ধী
29) জীৱনলৈ অহা সৰু-সুৰা সুবিধাৰেই সুখী হ'বলৈ চেষ্টা কৰিব লাগে। - বেঞ্জামিন ফ্ৰেংকলিন
30) সত্য সদায় নিৰাপদ সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয় যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই। - মেক্সমূলাৰ
31) সত্যৰ বাবে বন্দী জীৱনৰ কঠোৰ নিয়ম মানি চলিব লগা হলেও আমি মুকলি চৰাইৰ দৰেই সুখী হ'ব লাগিব। - মহাত্মা গান্ধী
32) সময়েই হ'ল মানুহৰ আটাইতকৈ মূল্যবান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। - টমাচ্ আলভা এডিচন
33) পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা-আপুনি আহে। - হোমেন বৰগোহাঞি
34) আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয় আৰু যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত নিজে থিয় দি আত্মনির্ভৰশীল হ'ব পাৰো। - স্বামী বিবেকানন্দ
35) এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। - মিল্টন
36) জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ অসীম দুখ কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। - হোমেন বৰগোহাঞি
37) একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ'ব পাৰে। - হোমাৰ
38) এলাহ মানুহৰ বাবে অভিশাপ এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্তা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে। - ছেমুৱেল স্মাইলছ
39) মানুহৰ প্ৰকৃত পৰিচয় জন্ম লৈ নহয়, কৰ্মলৈহে। - মহাবীৰ
40) এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয় যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। - টমাছ আলভা এডিছন
41) বিফল হলে কেতিয়াও হতাশ হ'ব নালাগে বিফলতাই সফলতাৰ মূল চাবি কাঠি। - ড° এ. পি. জে. আব্দুল কালাম
42) মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে, এডাল হ'ল উদ্যোগী মন আৰু আনডাল আদৰ্শ - ছেমুৱেল
43) শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাক ব্যৱহাৰ কৰি আপুনি পৃথিৱীখন সলনি কৰিব পাৰিব। - নেলচন মেণ্ডেলা
44) আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাতো সিমানেই উজ্জ্বল হ'ব চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। - জ্যোতিপ্ৰসাদ আগৰৱালা
45) নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে। - মাৰ্ক টোৱেইন
46) সমালোচনা কৰিবলৈ যোগ্যতা নালাগে কিন্তু সমালোচিত হ'বলৈ যোগ্যতা লাগে। - নেলচন মেণ্ডেলা
47) ব্যৰ্থ হোৱাৰ বিভিন্ন উপায় আছে, কিন্তু সফলতাৰ উপায় হৈছে এটাই আৰু সেয়া হ'ল আকৌ এবাৰ চেষ্টা কৰা। - এৰিষ্ট'টল
48) আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিব লাগিব। - তুলসীদাস
49) মানুহে ভুল স্বীকাৰ কৰিবলৈ লাজ পোৱা উচিত নহয়। - আলেকজেণ্ডাৰ পোপ
50) মনবোৰ শুদ্ধ হ'লে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মানুহে সকলোতে কলুষ দেখে - হেম বৰুৱা